বৌদ্ধিক বিকাশ

বৌদ্ধিক বিকাশৰ মৌলিক কৌশলসমূহ হ’'ল-

পৰ্যবেক্ষণ আৰু স্মৃতি শক্তিৰ বিকাশ

চিনাকি পৰিৱেশৰ কোনো এখন ছবিত নোহোৱা কৰি দিয়া অংশখিনি চিনাক্ত কৰাৰ সামৰ্থৰ বিকাশ

কিছু সময়ৰ আগতে দেখা তিনি-চাৰিটা বস্তুৰ নাম মনত ৰাখি ক’ব পৰা| 

শ্ৰেণী বিভাজনৰ কৌশলৰ বিকাশ

যিকোনো এটা বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা, যেনে- আকাৰ, ৰং, আকৃতি আদি

ক্ৰম অনুসৰি কৰা চিন্তাশক্তিৰ বিকাশ

যিকোনো বস্তু, ছবি কাৰ্ড, সাধু কথা, ঘটনা আদি ক্ৰম অনুসৰি কোৱা, সজোৱাৰ সামৰ্থৰ বিকাশ

প্ৰথমৰ পৰা শেষলৈ আৰু পুনৰ শেষৰ পৰা প্ৰথমলৈ ক্ৰমত চিন্তা কৰাৰ সামৰ্থৰ বিকাশ

সাধু বা ঘটনা এটা শুনি পুনৰ সজাই পৰাই ক'ব পৰা

যুক্তিসংগত চিন্তা শক্তি আৰু সমস্যা সমাধান কৰা কৌশলৰ বিকাশ ঃ

* বস্তুৰ মাজৰ পৰস্পৰ সম্বন্ধ বুজি পোৱা সামৰ্থৰ বিকাশ

চিন্তা কৰি সমস্যা সমাধান কৰিব পৰা সামৰ্থৰ বিকাশ

* আধা আৰু সম্পূৰ্ণৰ ধাৰণা আয়ত্ত কৰাৰ সামৰ্থৰ বিকাশ

* কিছুমান সাধাৰণ সমস্যা বুজি পাই সমাধান কৰাৰ সামৰ্থৰ বিকাশ

•দুখন ছবিৰ মাজত থকা অমিলটো বিচাৰি উলিওৱা

•পৰিৱেশত পৰ্যবেক্ষণ কৰা বস্তু বা প্রাণীক মনত ৰাখি পুনৰ মনত পেলোৱা কাৰ্যত জড়িত কৰোৱা

•তিনিটাৰ পৰা চাৰিটালৈ বস্তু বা কাৰ্ড দেখুৱাই সেইকেইটা লুকুৱাই থৈ তৎক্ষণাত সেইকেইটাৰ নাম ক’বলৈ দিয়া

চকা নোহোৱা চাইকেল, সাফৰ নথকা বটল আদি

আকাৰ আৰু ৰং অনুযায়ী শ্ৰেণীবিভাজন কৰোৱা

একে আৰ্হি বা চানেকি পুনৰ সজোৱা

কোনো আগতে দেখা বা শুনা ঘটনা বা সাধু শুদ্ধ ক্ৰমত সজাই পুনৰ ক’বলৈ দিয়া

সাধু সাজি ক’বলৈ দিয়া

ক্ৰম অনুসৰি চিন্তা কৰি কোৱা খেলত জড়িত কৰোৱা

দিনটোত কৰা কাম-কাজ পৰ্যায়ক্ৰমে ক’বলৈ দিয়া, যেনে- ৰাতিপুৱাৰ পৰা শিশুৱে

বিদ্যালয়লৈ যোৱালৈকে কৰা কাম-কাজ ক্ৰম অনুসৰি কোৱা

সহজৰ পৰা পাজল্ৰ ক্ৰমবৰ্ধমান জটিলতাৰ খেল খেলোৱা

বিভিন্ন ধৰণৰ পাজল্‌ মিলাবলৈ দিয়া

চিন্তা উদ্ৰেককাৰী কিছুমান প্ৰশ্ন সোধা, যেনে- যদি তুমি তোমাৰ চুলিখিনি পৰিষ্কাৰ কৈ নাৰাখা তেতিয়া কি হ’ব?’

কাৰ্ডৰ দ্বাৰা যোৰ মিলাবলৈ দিয়া, যেনে-তলা-চাবি, বেজী-সৃতা, বহী-পেঞ্চিল আদি৷

"দৈনন্দিন সমস্যাৰ সমাধান কৰিবলৈ শিশুক উৎসাহিত কৰা৷

মৌলিক ধাৰণা গঠনৰ বিকাশ ঃ

ৰঙৰ ধাৰণা গঠন

বিভিন্ন ৰঙৰ নাম ক’ব পৰা, চিনাক্ত কৰা, মিলোৱা কাৰ্যৰ সামৰ্থৰ বিকাশ, যেনে- ৰঙা, নীলা,হালধীয়া, সেউজীয়া, বেঙুনীয়া

ডাঠ ৰঙৰ পৰা পাতল ৰঙলৈ আৰু পাতল ৰঙৰ পৰা ডাঠ ৰঙলৈ সজাব পৰা সামৰ্থৰ বিকাশ

বেলেগ ৰং মিহলি কৰি যে নতুন ৰং সৃষ্টি কৰিব  পাৰি সেই সম্পৰ্কে বুজি পোৱা।


Development of Basic concepts 






Development of Basic Cognitive skills







 আকৃতিৰ ধাৰণা গঠন ঃ

বিভিন্ন আকৃতিৰ নাম ক’ব পৰা আৰু সেইবোৰ পৰিৱেশৰ বস্তুৰ সৈতে মিলোৱাৰ সামৰ্থৰ

বিকাশ, যেনে-

- ঘূৰণীয়া

_তিনিকোণীয়া

_চাৰিকোণীয়া

গাণিতিক ধাৰণা গঠন 

 বস্তুৰ মাজত পাৰ্থক্য যেনে- দীঘল-চুটি, গধুৰ পাতল, ওখ-চাপৰ, ক্ষীণ-শকত,বহল-ঠেক,কম-  বেছি, ওচৰ-দূৰ আদি ক’ব পৰা, 

চিনাক্ত কৰা আৰু সেইবোৰ পৰিৱেশৰ বস্তুৰ  ৰিজাই চোৱাৰ সামৰ্থৰ বিকাশ 

প্ৰয়োজনীয় ব্যৱস্থা আৰু ক্ৰিয়াকলাপ

প্রাথমিক (ৰঙা, নীল|, হালধীয়া) ৰঙৰ নাম কোৱা, চিনাক্ত কৰা, মিলোৱা আদি কাৰ্য কৰোৱা

চাৰি বা পাঁচটা ৰং ডাঠৰ পৰ৷ পাতল আৰু পাতলৰ পৰা ডাঠলৈ সজাবলৈ দিয়া কাৰ্য কৰোৱা

বিভিন্ন ৰঙৰ বস্তুৰ প্ৰ৷ একে ৰঙৰ বস্তুবোৰ বাছি উলিয়াবলৈ দিয়া

বিভিন্ন বস্তুৰ ৰঙ চিনাক্ত কৰা, যেনে- চুলি ক’লা, বগলী বগা, চূণ বগা, গাখীৰ বগা, দীত বগা আদি

ৰং সম্বন্ধীয় পদ্য, গীত আদি গাবলৈ দিয়| বা অভিনয় কৰিবলৈ দিয়া

ৰঙীন কাপোৰ, ব্লক, ড'মিন, কাৰ্ড আদিৰ সৈতে ক্ৰিয়া-কলাপ কৰিবলৈ দিয়া

ছবি অঁকা, ৰং বুলাবলৈ দিয়া আদি কাৰ্যত জড়িত কৰোৱা

ৰং সম্পৰ্কীয় সঁথৰ সোধা

নিজৰ পৰিৱেশৰ বিভিন্ন ৰঙৰ বস্তু, চৰাই, প্ৰাণী আদি পৰ্যৱেক্দণ কৰি ৰং ক'বলৈ দিয়া

বিভিন্ন ৰঙৰ লগত পৰিচয় হোৱাৰ পিছত সেই ৰং চিনাক্ত কৰিবলৈ দিয়া

বিভিন্ন ৰং মিহলি কৰি নতুন ৰঙৰ সৃষ্টি কৰা ক্ৰিয়াকলাপ

পৰিৱেশৰ প্রাথমিক আকৃতিসমূহৰ সৈতে পৰিচিত কৰিবলৈ মুক্ত আৰু সংগঠিত কথোপকথন কৰে

পৰিচিত বস্তুৰ সহায়ত আকৃতি চিনাক্ত কৰোৱা

বিভিন্ন আকৃতিৰ মাজৰ পৰা নিৰ্দিষ্ট এক আকৃতি বাছি উলিয়াব দিয়া

বিন্দু সংযোগ কৰি আকৃতি আঁকিবলৈ দিয়া

সৃজনীমূলক অংকন কৰোৱা, (বৰ্গ, ত্ৰিভুজ, বৃত্ত আদিৰ সহায়েৰে)

কাগজত বস্তুৰ পৰিসীমা আঁকি আকৃতি অংকন কৰা

আকৃতিৰ সহায়ত আখৰ/সংখ্যা চিনাকি কৰোৱা

ছবিৰ পৰিসীমাৰ ওপৰত গুটি, মণি আদি থৈ আকৃতিৰ গঢ় দিয়া

আঁচ টানিবলৈ দিয়া

প্রাক্‌ গাণিতিক ধাৰণাৰ বাবে মুক্ত আৰু সংগঠিত কথোপকথন আৰু সাধু ক’বলৈ দিয়া

ছবি কাৰ্ডৰ সহায়ত ওচৰ-দূৰ, চুটি-দীঘল, কম-বেছিৰ ধাৰণা দিয়া

পৰিৱেশৰ বিভিন্ন বস্তু, ছন্দময় পদ্য, কথা-বতৰা আদিৰ সহায়ত প্রাক্‌ গাণিতিক ধাৰণা দিয়া|




Previous Post Next Post

Contact Form