শিশু এটি যেতিয়া প্রথম দিনা বিদ্যালয়লৈ আহে তেতিয়া তেওঁ বিদ্যালয়ৰ পৰিৱেশৰ সৈতে ঘৰৰ পৰিৱেশক তুলনা কৰে। এই দুয়োটা পৰিৱেশৰ মাজত যেতিয়া প্রভেদ দেখা পায়, তেতিয়া শিশুটিয়ে নিজক অসহায় যেন অনুভৱ কৰে আৰু প্রতিটো কাৰ্যত মুকলি মুৰীয়াকৈ যোগদান কৰাত অসুবিধা পায়। সেয়েহে শিশুৰ মনৰ পৰা এনে আহুকালৰ ভাব আঁতৰাবলৈ শিক্ষক/অংগনবাড়ী কমীয়ে তেওঁলোকৰ লগত সহজ-সৰল সম্পৰ্ক গঢ়ি তুলিব লাগিব, যাতে শিশুৱে শিক্ষক/অংগনবাড়ী কর্মীয়ে মাজতেই মাক-দেউতাকক বিচাৰি পায়।
শ্ৰেণীৰ সকলো শিশুৱে ইজনে সিজনৰ লগত চিনাকি হোৱা, কথা-বতৰা পতা আৰু পৰস্পৰৰ নাম জনা অতি প্রয়োজনীয়।
শিক্ষক/অংগনবাড়ী কর্মীয়ে সকলো শিশুৰ নাম জনা অতি প্রয়োজন। কাৰণ, শিক্ষক/অংগনবাড়ী কমীয়ে নাম ধৰি মাতিলে শিশুয়ে বৰ ভাল পায় আৰু বিদ্যালয়খন নিজৰ বুলি ভাবে। নাম ধৰি মাতিলে শিশুসকলে ব্যক্তিগতভাৱে গৌৰৱ অনুভৱ কৰে।
শিশুৰ বিদ্যালয়ত কোৱা ভাষা আৰু ঘৰত কোৱা ভাষা বেলেগ হ’ব পাৰে। এনে পৰিস্থিতিত শিক্ষক/অংগনবাড়ী কর্মীয়ে শিশুক প্রথমে তেওঁলোকৰ ঘৰুৱা ভাষাতে কথা-বতৰা পাতি সমনীয়াৰ লগত মিলামিছা কৰিবলৈ সুবিধা দি, লাহে লাহে মান্য ভাষা ক'বলৈ উদ্্গণি দিয়া উচিত। প্রয়োজন সাপেক্ষে শিক্ষক/অংগনবাড়ী কর্মী সকলেও দুই-এটা ঘৰুৱা ভাষা প্রয়োগ কৰি শিশুসকলৰ অন্তৰ জয় কৰিবলৈ চেষ্টা কৰিব লাগে।
সময়ে সময়ে দলগত ক্ৰিয়া-কলাপৰ দিহা কৰি শিশুসকলক সহজ্য-সৰলভাৱে মিলিজুলি কাম কৰাৰ অভ্যাস কৰাব লাগে। এনে কৰিলে তেওঁলোকৰ ভয়, সংকোচ বহু পৰিমাণে কমিব আৰু কথা-বতৰা, খেল-ধেমালিত সকলোৱে সমানে অংশগ্ৰহণ কৰিব পাৰিব।
প্রত্যেক শিশুৰ নিজস্ব ব্যক্তিত্ব থাকে। সেয়েহে কোনো এজন শিশুক আন শিশুৰ লগত তুলনা কৰিব নালাগে।
শিশুৰ কোনো কথাতে কেতিয়াও গালি পৰা অনুচিত। প্রতিজন শিশুকে সমান ব্যৱহাৰ কৰা অতি প্রয়োজন।
কেতিয়াবা আংশিকভাৱে বাধাগ্ৰস্ত শিশুও বিদ্যালয়ত থাকিব পাৰে, যেনে--- কাণেৰে কম শুনা, চকুৰে কম দেখা, কথা কওঁতে স্পষ্টকৈ ক’ব নোৱৰা ইত্যাদি। শিশুৰ এনেবোৰ দুৰ্বলতাৰ কাৰণ বিভিন্ন হ’ব পাৰে। এনে ধৰণৰ শিশু বিদ্যালয়ত থাকিলে শিক্ষক/অংগনবাড়ী কর্মীয়ে বিশেষভাৱে চকু দিয়াৰ উপৰি অভিভাৱকক কথাটো জনাব আৰু প্রয়োজনবোধে চিকিৎসকৰ সহায়ো ল'বলৈ ক'ব আৰু লগতে তেনে শিশুৰ প্ৰতি অধিক সংবেদনশীল হোৱা বাঞ্ছ্নীয়।
কাৰণ বেছিভাগ অভিভাৱকে নিজৰ সম্ভানৰ বাধাগ্ৰস্তুতাৰ বিষয়ে জানে যদিও এনে শিশুক শিক্ষাৰ ক্ষেত্ৰত কেনেদৰে আগুৱাই নিব সেই বিষয়ে বিশেষ জ্ঞান নাই। এনে শিশুৰ লগত আন শিশুৱে যাতে সহজভাৱে খেলা-ধূলা কৰে, কথা পাতে তাৰ প্রতি শিক্ষক/অংগনবাড়ী কর্মীয়ে সততে চকু ৰখা উচিত।
খেলা-ধূলা কৰি ভাল পোৱা শিশুৰ এক স্বাভাৱিক প্রবৃত্তি। সেয়ে সীমিত সময় সুবিধাৰ মাজতে শিক্ষক/অংগনবাড়ী কর্মীয়ে শিশুক খেলা-ধূলাৰ সুযোগ দিয়াতো নিতান্তই প্রয়োজনীয়।
শিশুৱে সাঁথৰ শুনি বা কৈ আৰু সাঁথৰ ভাঙি আনন্দ পায়। ইয়াৰ যোগেদি চিন্তাশক্তি বঢ়াব পাৰি আৰু সমস্যা সমাধানৰ কৌশল আয়ত্ত কৰাব পাৰি। সেইবাবে মাজে সময়ে শিশুক সাঁথৰ ভাঙিবলৈ আৰু তেওঁলোকে জনা সাঁথৰো ক’বলৈ দিব লাগে।
দলত ভগাই লৈ কৰোৱা ক্ৰিয়াৰ ক্ষেত্ৰত একেটা ক্ৰিয়াকে গোটেইকেইটা দলকে নকৰালেও হয়, কেইটামান দলক একেটা ক্ৰিয়া আৰু বাকী কেইটা দলক আন এটা ক্ৰিয়াও কৰাব পাৰি, উদাহৰণস্বৰূপে--- কেইটামান দলক মুক্ত অংকন কৰিবলৈ দি আন কেইটা দলক ৰং বোলাবলৈ দিব পাৰে। সময় হ'লে সেই দিনাই পাছৰ বাৰত ছবি অঁকা দলকেইটাক ৰং বোলাবলৈ দি ৰং বোলাই উঠা দল কেইটাক ছবি আঁকিবলৈ দিব পাৰে। যদিহে একেদিনাই কৰাবলৈ সময়ৰ নাটনি হয়, পাছদিনা তেনেকৈ কৰাব পাৰি। কিছুমান ক্ৰিয়া আছে যিবিলাক সকলোৱে কৰিব, কিন্তু এজন এজনকৈহে কৰিব লাগে। এজনে ক্ৰিয়াটো কৰাৰ সময়ত বাকী সকল ছাত্ৰ-ছাত্ৰীক ফলিত মুক্তভাৱে অংকন কৰা ধৰণৰ কাম কৰিবলৈ দি বাস্তু কৰি ৰাখিব পাৰে।
প্রকৃত উদ্দেশ্যত উপনীত হ'বৰ বাবে কোন দিনা কি কি ক্ৰিয়া কৰাব তাক আগতীয়াকৈ ঠিক কৰি লোৱাৰ এক বিশেষ গুৰুত্ব আছে। ক্ৰিয়া-কলাপ এটা সপ্তাহৰ বাবে আগতীয়াকৈ যুগুত কৰি লোৱাৰ প্রয়োজন । প্ৰত্যেক দিনত ভাষা বিকাশৰ কোন কেইটা ক্ৰিয়া কৰাব, তেনেকৈ সৃক্ষ্মপেশী বিকাশৰ বাবে কি কি কৰাব, এনেদৰে গোটেই কেইটা দিশৰ বিকাশৰ বাবে কৰাবলৈ লোৱা ক্ৰিয়া সমূহ বাছি লৈ সপ্তাহটোৰ প্রত্যেক দিনৰ বাবে তালিকা এখন প্রস্বুত কৰি ল'ব লাগিব। বিশৃংখলভাৱে কৰোৱা ক্ৰিয়া- কলাপে শিশুৰ বিকাশ সঠিকভাৱে নঘটায়।
দিশটোৰ ক্ৰিয়া-কলাপখিনি কৰোৱাৰ বাবে প্রয়োজনীয় শিকন সামগ্ৰীৰো এখন তালিকা যুগুত কৰি সামগ্ৰীসমূহ আগতীয়াকৈ সংইগ্ৰহ কৰি ল’ব লাগিব। এটা সপ্তাহৰ বিস্তাৰিত আঁচনিখন আগৰ সপ্তাহৰ শনিবাৰেই প্রস্তুত কৰি লোৱাটো বাধ্যতামূলক।
শিকন ফলাফলৰ বাবে শিক্ষক/অংগনবাড়ী কর্মীয়ে কৰিব লগীয়া কাৰ্যসমূহ একেলগে দিয়া হৈছে কিন্তু শিক্ষক/অংগনবাড়ী৷ কৰ্মীসকলে শিশুসকলৰ আগ্ৰহ আৰু তেওঁলোকক সামৰ্থৰ ওপৰত ভিত্তি কৰি প্রথমে সহজ সৰল ক্ৰিয়া-কলাপ কৰাই ক্ৰমান্বয়ে জটিল ক্ৰিয়া-কলাপ কৰোৱাব লাগে।
একেটা ক্ৰিয়া-কলাপে একাধিক দিশৰ বিকাশ সাধন কৰিব পাৰে। শিক্ষক/অংগনবাড়ী কর্মীয়ে বিভিন্ন দিশৰ বিকাশৰ অৰ্থে ক্ৰিয়া-কলাপ অন্তৰ্ভুক্ত কৰিব পাৰে।
প্রাক্-প্রাথমিক শিক্ষা সফলতাৰে ৰূপায়ণ কৰিবলৈ অভিভাৱকসকলৰ বিশেষকৈ মাতৃসকলৰ সক্ৰিয় সহযোগিতা নিতান্তই
প্রয়োজন। কেৱল অভিভাৱকসকেলই নহয়, সমাজৰ সকলো শ্ৰেণীৰ লোকৰেই সহায় সহযোগিতাৰ আৱশ্যক।
বছৰৰ প্রথম কেইটামাহত শিশুৰ সৰ্বাংগীণ বিকাশৰ বাবে নিজাববীয়াকৈ পাঠ্যক্ৰমত দিয়া ত্ৰিয়া-কলাপ কৰাব পাৰে, কিন্তু পাছৰ মাহ কেইটা বিষয়ভিত্তিক ক্ৰিয়া-কলাপ পৰিকল্পনা কৰি শিশুক কৰোৱাব লাগিব। সাধাৰণতে একোটা বিষয়বস্তুক জড়িত কৰি ক্ৰিয়া-কলাপসমূহ এটা সপ্তাহ জুৰি কৰোৱা হয় যদিও কেতিয়াবা বিষয়বস্তুৰ জটিলতালৈ লক্ষ্য ৰাখি দুসপ্তাহলৈ একেটা বিষয়বস্তুৰ বিভিন্ন ক্ৰিয়া-কলাপ কৰোৱা হয়; যাতে শিশুসকলৰ এই বিষয়বস্তুৰ ওপৰত এটা সম্যক ধাৰণা হয়।সকলোবোৰ ক্ৰিয়া-কলাপ যাতে শিশুৱে আনন্দমনেৰে, ভয় শংকামুক্ত পৰিৱেশত কৰিব পাৰে তাৰ প্রতি লক্ষ্য ৰখা উচিত।
দলত ভগাই লৈ কৰোৱা ক্ৰিয়াৰ ক্ষেত্ৰত একেটা ক্ৰিয়াকে গোটেইকেইটা দলকে নকৰালেও হয়, কেইটামান দলক একেটা ক্ৰিয়া আৰু বাকী কেইটা দলক আন এটা ক্ৰিয়াও কৰাব পাৰি
উদাহৰণস্বৰূপে -কেইটামান দলক মুক্ত অংকন কৰিবলৈ দি আন কেইটা দলক ৰং বোলাবলৈ দিব পাৰে। সময় হ'লে সেই দিনাই পাছৰ বাৰত ছবি অঁকা দলকেইটাক ৰং বোলাবলৈ দি ৰং বোলাই উঠা দল কেইটাক ছবি আঁকিবলৈ দিব পাৰে। যদিহে একেদিনাই কৰাবলৈ সময়ৰ নাটনি হয়, পাছদিনা তেনেকৈ কৰাব পাৰি। কিছুমান ক্ৰিয়া আছে যিবিলাক সকলোৱে কৰিব, কিন্তু এজন এজনকৈহে কৰিব লাগে। এজনে ক্ৰিয়াটো কৰাৰ সময়ত
বাকী সকল ছাত্ৰ-ছাত্ৰীক ফলিত মুক্তভাৱে অংকন কৰা ধৰণৰ কাম কৰিবলৈ দি বাস্তু কৰি ৰাখিব পাৰে।
প্রকৃত উদ্দেশ্যত উপনীত হ'বৰ বাবে কোন দিনা কি কি ক্ৰিয়া কৰাব তাক আগতীয়াকৈ ঠিক কৰি লোৱাৰ এক বিশেষ গুৰুত্ব আছে। ক্ৰিয়া-কলাপ এটা সপ্তাহৰ বাবে আগতীয়াকৈ যুগুত কৰি লোৱাৰ প্রয়োজন । প্ৰত্যেক দিনত ভাষা বিকাশৰ কোন কেইটা
ক্ৰিয়া কৰাব, তেনেকৈ সৃক্ষ্মপেশী বিকাশৰ বাবে কি কি কৰাব, এনেদৰে গোটেই কেইটা দিশৰ বিকাশৰ বাবে কৰাবলৈ লোৱা
ক্ৰিয়াসমূহ বাছি লৈ সপ্তাহটোৰ প্রত্যেক দিনৰ বাবে তালিকা এখন প্রস্বুত কৰি ল'ব লাগিব। বিশৃংখলভাৱে কৰোৱা ক্ৰিয়া কলাপে শিশুৰ বিকাশ সঠিকভাৱে নঘটায়।
দিনটোৰ ক্ৰিয়া-কলাপখিনি কৰোৱাৰ বাবে প্রয়োজনীয় শিকন সামগ্ৰীৰো এখন তালিকা যুগুত কৰি সামগ্ৰীসমূহ আগতীয়াকৈ সংগ্ৰহ কৰি ল’ব লাগিব। এটা সপ্তাহৰ বিস্তাৰিত আঁচনিখন আগৰ সপ্তাহৰ শনিবাৰেই প্রস্তুত কৰি লোৱাটো বাধ্যতামূলক।