পোষণ
_______
আই অ' পোষণ তই আহিলি?
আহিছ আহ কিন্তু গৰ্ভৱতী প্ৰসূতি, শিশু, কিশোৰী সকলো কে ভালকৈ বুজায় থৈ যা ৷
আই অ' পোষণ তোৰ এই গুনবোৰ গাই গাই
আমি যেন হৈ পৰো আপোন পাহৰা৷
কিমান যে বুজালো আইৰন , কেলচিয়াম জাতীয় আহাৰৰ কথা----
কচু,কলডিল, ঢেকীয়া, মানিমুনি, ৰঙা লাও এইবোৰ তৰকাৰী খাবা
তেহে পাবা আইৰন-
ফল - মূল বোৰ খাবা ৷
ঘৰতে পোৱা কচু,কলডিল ঢেঁকীয়া, আমলখি, মধুৰি , নৰসিংহ খাবা৷
আই অ' পোষণ তই আহিছ যাতে পুষ্টিহীনতাৰ মুক্ত, নিৰোগী সমাজ এখনগঢ়ি থৈ যা---------
গাই থৈ যা তোৰ গুনগান
স্মৰণীয় হৈ ৰওক তোৰ জয়গান ৷
শিখা দেৱী (অংগনবাড়ী কৰ্মী)
কেন্দ্ৰ নাম -নৱনগৰ শিৱনগৰ
(ৰূপ নগৰ)
Tags:
anganwadi