অসমীয়া লোককথাই ভৱিষ্যত প্ৰজন্মৰ বাবে সাংস্কৃতিক ঐতিহ্য বহন কৰি সংৰক্ষণ কৰি আহিছে।


উদাহৰণ স্বৰূপে -


ক) বিহু উৎসৱ -বিহু অসমৰ জাতীয় উৎসৱ। অসমীয়া জাতিৰ বাপতিসাহোন, আয়ুস ৰেখা। প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি , বিহু তিনিটা। বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু। বহাগ বিহুৰ পৰাই অসমীয়া নতুন বছৰৰ আৰম্ভ হয়। গছ-গছনি পুৰণি পাত সলাই, কুঁহিপাত মেলি নতুন সাঁজ পিন্ধি প্ৰতিজন অসমীয়াক বিহু ক আদৰণি জনাবলৈ আহ্বান জনায় ।
প্ৰতিজন অসমীয়াই ও ঢোল পেঁপা আৰু গগনা ৰ তালে তালে নতুন সাঁজ পিন্ধি, বিহুক আদৰণি জনায়। বিহু অসমীয়া জাতি এনে এটা উৎসৱ, যিয়ে নেকি প্ৰতিজন অসমীয়াক একতাৰ দোলেৰে বান্ধি ৰাখিছে। এই উৎসৱ ৰ জৰিয়তে অসমীয়া সংস্কৃতি এটা প্রজনমৰ পৰা আন এটা প্রজনমলৈ কঢ়িয়াই আনিছে।


Image source Wikipedia 


খ) জোনবিল মেলা- জোনবিল মেলা এখন বজাৰ নহয় বৰং ই অসমীয়া লোক কথাৰ আত্মাক মূৰ্ত কৰি ভাবৰ আদান-প্ৰদান, বন্ধন গঢ়ি তোলা আৰু যুগ যুগ ধৰি আচাৰ অনুষ্ঠান চলোৱাৰ এক কালজয়ি মন্দলী। 
      অসমৰ এটা আকৰ্ষণীয় উৎসৱ হৈছে জোনবিল মেলা। মাঘ বিহুৰ পিছৰ সপ্তাহ ত এই মেলা পতা হয়। প্ৰায় পাচশ বছৰ পুৰণি এই মেলা। প্ৰবাদ মতে গোভা ৰজাই ৰানী ৰ সৈতে বিহাৰ কৰিবলৈ আহি বিলৰ সৌন্দৰ্য্য উপভোগ কৰি বিল খনৰ নাম দিলে জোনবিল। বিলৰ আকৃতি কাঁচি জোনৰ দৰে আছিল।  
      মৰিগাঁও জিলাৰ জাগীৰোড ৰ উত্তৰে জোনবিল ।
      এই মেলা ৰ মূল কথা বিনিময় প্ৰথা।
পাহাৰৰ জনজাতীয় (তিৱা) লোক সকলে কচু, হালধি , ধুনা আদি মেলা লৈ আনে আৰু সমতলৰ তিৱা লোক সকলে আনা শুকান মাছ ,পিঠাপনা আদি বস্ত ৰ লগত বিনিময় কৰে ( সলনা সলনি) কৰে। ইয়াৰ জৰিয়তে মানুহৰ মাজত সংস্কৃতি, মৰম চেনেহ আৰু একতাৰ ভাব গঢ়ি উঠে।
এই জোনবিল মেলা পাহাৰ আৰু ভৈয়ামৰ এক অটুট বান্ধোনৰ এক উৎকৃষ্ট নিদৰ্শন। ভবিষ্যত প্র জন্ম লৈ এক আপুৰুগীয়া সম্পদ।



গ) শৰাই- শৰাই হৈছে অসমীয়া লোক সংস্কৃতিৰ এক অনৱদ্য সম্পদ। ভগৱান ক নৈৱেদ্য দিয়া, মহৎ গ্ৰন্থ ৰখাৰ উপৰিও সন্মানীয় লোকক মানধৰা এবিধ থিয় কাণেৰে খুৰা লগোৱা অসমীয়া পৰম্পৰাগত পাত্র। ই একেধাৰে অসমীয়া জাতিৰ সন্মান ৰ প্ৰতীক, থাপনাৰ আসন তথা গৃহসজজাৰ কলাত্মক সামগ্ৰী। ইয়াক পিতল আৰু কাঁহেৰে তৈয়াৰ কৰা হয় যদিও ৰূপ আৰু তামেৰেও তৈয়াৰ কৰা হয়।
বুৰঞ্জীত পোৱা যায় যে, চুতীয়া ৰজা নীতিপালে আহোম ৰজা চুহুংমুঙৰ লগত সন্ধি কৰোঁতে শৰাই উপহাৰ দিছিল।
চুহুংমুঙে চুতীয়া ৰাজধানী শদিয়া দখল কৰোতে অন্যান্য সামগ্ৰী ৰ লগতে শৰাই ও লাভ কৰিছিল। তাৰোপৰি 'মাইহাং ' শৰাই ও লাভ কৰিছিল।  
    মধ্যযুগত সিংহাসনৰ আগত নৈৱেদ্য দিয়া, সত্রাধিকাৰ সকলে বিষ্ণু নৈৱেদ্য আগবঢ়াই দিবলৈ শৰাই ব্যৱহাৰ কৰি আহিছে।
বৰ্তমান সমাজত শৰাই, নৈৱেদ্য আগবঢ়াই দিবলৈ, সত্রাধিকাৰ ক মান ধৰিবলৈ, মাংগলিক কৰ্ম আদিত শৰাই অবিহনে কৰিব নোৱাৰি। গতিকে এই আপুৰুগীয়া সম্পদ সমূহ কালৰ বুকুত হেৰাই যাব দিব নোৱাৰি। ভৱিষ্যত প্ৰজন্মৰ বাবে ই এক উৎকৃষ্ট নিদৰ্শন।



ঘ) জাপি- জাপি অসমীয়া সংস্কৃতিৰ বাহক, অসমীয়া জাতি আৰু সংস্কৃতিৰ পৰিচয় আৰু প্ৰতীক হিচাপে সৰ্বজন বিদিত । 
         জাপিৰ ইতিহাস বহু পুৰণি। জাপি কেইবা প্ৰকাৰৰ যেনে- বৰদৈয়া, সৰুদৈয়া,গৰখীয়া জাপি ইত্যাদি। 
           জাপি সাধাৰণতে টকৌ পাত আৰু বেতেৰে তৈয়াৰ কৰা হয় । কিন্তু বৰ্তমান গৃহসজজাৰ বাবে পিতলৰ আৰু বিভিন্ন মখমল কাপোৰৰ জাপিও ব্যৱহাৰ কৰা হয়।
                    বুৰঞ্জী ত উল্লেখ আছে যে ৰজা ভাস্কৰ বৰ্মন ৰ দিনত চীনা পৰিব্রাজক হিউয়েনচাং কামৰূপলৈ আহোতে জাপিৰে সম্বৰ্ধিত কৰিছিল।  
        অসমৰ বিশেষ কৈ নলবাৰী মুগকুচি,আৰিকুচি,সুতাৰকুচি আদিৰ জাপি বিখ্যাত। 2017 চনত ভাৰতীয় ডাক-তাৰ বিভাগে উল্লেখ কৰা ষোল্ল টা টুপী ৰ ভিতৰত অসমীয়া জাপিৰ নাম ও আছে আৰু ডাকটিকট প্রচলন হয়।
                 জাপি অসমীয়া লোককথাত কুটীৰ শিল্প হিচাপে গোটেই বিশ্ব তে বিখ্যাত।  
           অসমীয়া জাতিৰ এই জাপি শিল্প ই নৱ প্ৰজন্মৰ বাবে অতি আৱশ্যকীয়।




ঙ) ভাওনা- ভাওনা শব্দৰ প্ৰকৃত অৰ্থ হৈছে ভাওঁ দি দেখুৱা কৰ্ম বা কাৰ্য।
        অংকীয়া নাটৰ অভিনয় ক হে দৰাচলতে ভাওনা বুলি কোৱা হয়। অসমৰ সৰ্বোতিকালৰ সৰ্বোত্তম মহাপুৰুষ শ্রীশ্রী শংকৰদেৱ আৰু শ্রীশ্রী মাধৱদেৱৰ অনুপম সৃষ্টি অংকীয়া নাট ভাওনা ।
                  মহাপুৰুষ শ্রী শংকৰদেৱ ৰ ভাওনাৰ প্ৰধান উদ্দেশ্য ধৰ্ম প্ৰচাৰ, মোক্ষপ্ৰাপ্তি আৰু কামপুৰণ । সমাজৰ নিৰক্ষৰ লোকসকলে যাতে ধৰ্ম ৰ কথাবোৰ যাতে সহজে উপলব্ধি কৰিব পাৰে, তাৰবাবে ধৰ্মপুথি পাঠ বা মৌখিক উপদেশতকৈ অধিক ফলপ্রদ উপায় নাট্যাভিনয় ।
       সেইবাবে তেওঁ সাংস্কৃতিক দিশত লোকব্যঞ্জক আহিলা হিচাপে গ্ৰহন কৰিছিল অংকীয়া নাটৰ প্রদৰ্শন অৰ্থাৎ ভাওনাক।
         ভাঁওনাত গায়ন,বায়ন, সূত্ৰধাৰ প্রধান আৰু খোল তাল , মৃদংগ, নাগাৰা, শংখ আদি বাদ্য ব্যৱহাৰ কৰা হয়।  
        মহাপুৰুষ দুজনাৰ এই কালজয়ি সৃষ্টি ৰাজিক প্ৰতিজন অসমীয়াই অতি সন্মান তথা ভক্তি সহকাৰে জীয়াই ৰাখিবলৈ চেষ্টা কৰি , ভবিষ্যত বংশধৰ সকললৈ থৈ যাব লাগিব ।

Image source Wikipedia 


Assam's folklore is diverse and includes various elements like myths, legends, rituals, and more

Here are a few examples



Bihu Festival: 

Imagine the air alive with the rhythmic beats of drums and the twirl of dancers adorned in colorful attire. Bihu, a cherished festival in Assam, heralds the New Year with exuberant celebrations. Passed down through generations, its songs and dances carry the essence of Assamese folklore, connecting people to their roots.


Jonbeel Mela

Picture an ancient fair nestled amidst Assam's lush landscapes, where bustling crowds mingle under the canopy of history and tradition. Jonbeel Mela is more than just a market; it's a timeless gathering where communities converge to trade stories, forge bonds, and partake in age-old rituals, embodying the spirit of Assamese folklore.




Xorai and Jaapi

Envision the humble Xorai, a symbol of reverence and hospitality, gleaming with offerings of respect. And alongside it, the Jaapi, a traditional Assamese hat, adorns heads with pride and cultural significance. These artifacts aren't mere objects; they are living embodiments of Assamese folklore, woven into the fabric of rituals, ceremonies, and everyday life.



Bhaona
Step into the world of Bhaona, where mythology, folklore, and religious teachings intertwine on the stage of tradition. Through vibrant performances steeped in history, tales from the Ramayana, Mahabharata, and other ancient texts come alive, captivating audiences and bridging the gap between past and present.


In Assam, folklore isn't just a relic of the past; it's a living, breathing part of everyday existence, shaping festivals, traditions, and cultural practices. From the spirited rhythms of Bihu to the timeless tales of Bhaona, Assamese folklore continues to weave its magic, preserving cultural heritage and identity for generations to come.

www.guwahatipedia.com

I hereby declare that the above information is authentic and has not been copied nor translated from any Google translator apps.
Previous Post Next Post

Contact Form