World Environment Day গছ ভালপোৱা ককাৰ খং By - (ড° ভবেন্দ্র নাথ শইকীয়া ) ভাল পালোঁ ৰঘুনাথ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী-অতিথি যাব ৰভা নাইকিয়া হ'ব বোৱাৰীয়ে ঘৰখন দিবহি পূবাই, পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘুৰাই? দৰাটিক মাতাচোন এজোলোকা আশীর্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটা বাবে লুচি-ভাজি, ৰসগোল্লা একোকে নাখাওঁ। OBSERVATION OF WORLD ENVIRONMENT DAY On this World Environment Day, let's pledge to protect and nurture our planet. Every tree we plant, every drop of water we save, helps create a greener, healthier Earth. Together, we can ensure nature’s beauty and balance for future generations . www.guwahatipedia.com
সাত বিহুৰ নাম ঠাই অনুসৰি|
• গৰু বিহু • গৰু বিহু
• মানুহ বিহু • গোঁসাই বিহু
• চেনেহী বিহু • তাঁতৰ বিহু
• মাইকী বিহু •নাঙল বিহু
• ৰঙালী বিহু •চেনেহী বিহু
• চেৰা বিহু •চেৰা বিহু
• হাতবিহু
অসমীয়া মহিলা সকলে বন্ধা খোপাৰ নাম
• উধনীয়া খোপা
• কলডিলীয়া খোপা
• ঘিলা খোপা
• চকা খোপা
• চেলা খোপা
• চকা খোপা
• তগৰ খোপা
• তেঁতেলী খোপা
• থিয় খোপা
• নেঘেৰী খোপা
• লিগিৰী খোপা
গৰু বিহুৰ চাতত ব্যৱহাৰ হোৱা দ্রব্য
মাখিয়তি, দীঘলতি, বৰথেকেৰা, বেঙেনা, জাতিলাও, তিয়হ গৰু বিহুৰ জাগত লগা গছ গছনি কেঁচা গোবৰ, মাখিয়তি, দীঘলতি, বগৰীৰ ডাল, সিজুগছ, ঠুঠনি বল, বল জৰা, টিকনি বৰুৱা, বিৰিণা, শোকোতা আদি..
জাপি
• গৰখীয়া জাপি
• পানী জাপি
• বনুৱা জাপি
• হালোৱা জাপি
• উকা জাপি
• ফুলাম জাপি
• পদুমীয়া জাপি
• সৰুদৈয়া জাপি
• বৰজাপি
• টুপি জাপি
বৰহমথুৰি
অসমীয়া জেতুকাৰ এক উপকৰণ ইয়াৰ পাত থুৰি চোবালে তাৰ ৰসে ওঁঠ বোলাই পেলায়
অসমীয়া মানুহে বনোৱা কিছুমান পিঠা
তিল পিঠা ,নাৰিকল পিঠা , ঘিলা পিঠা , বৰ সিঠা ,ফেনী পিঠা , খোলা চপৰীয়া পিঠা , জোনসিঠা , টেকেলি পিঠা , টোপোলা পিঠা ,কল পিঠা , চুঙা পিঠা ,মুঠীয়া পিঠা ,সুতুলি পিঠা,
লুখুৰি পিঠা ,জাপৰী পিঠা ,ঘুম পিঠা,নাঙল ধোৱা পিঠা,ভাত পিঠা,ভুব-ভুৰী পিঠা ,তাল পিঠা . লাওপুলি তাল পিঠা
সাহ পিঠা|
তাঁতশালত লগা সজুলিৰ নাম
উঘা,উণীশলা,ককিলা মাৰি, কাইমাৰি ,কাঢ়নি , কুৰ্মাৰা, গৰকা,গৰকাজৰী গৰকা টিপনি, গৰকা ধৰা গৰকা বাৰি,টোলোঠা লৰনি,ডাংমাবি চালিমাৰি ,চিপকাঠি, চেৰী চেৰেকী, জাকি , জিম ,তলবন্ধ জাকি, তাঁতৰ খুটা,তাঁতৰ চাং ,তুলা ধুলা ধনু, দোপতি, দোপতি জৰী , দোপতি সখ, নাচনী ,নাচনী জৰী,নেওঠনী ,লেদা কৰা কাঠাম, পঘৈ, পাজি কৰা সজুলি ৩৪ পঠালি চালমাৰি , পুতল,বুকু পুতল বা পাতি পুতল), ফুল কাঠি, ফুল শলা,ব-চকু, বচুঙা,বধৰা,ব-পাংখা,ব বান্ধলি,
বশালি , ব-সৰকা, , চেৰেকী , সৰু চেৰেকী , বৰ চেৰেকী , বিহা , মহৰা, , মহুৰা খোৱা নাওঁবা , মহুৰা ঘুবোৱা, , মাকো. , মাকোৰ টুপ, মাকোৰ বাকচ, , সাকো শলা. , মাল. , যতব , যওঁৰ ঘিলা. , যতঁৰ হাতোৰা, , বাচ. , ৰাচ কলি, ,বাচ চলোৱা কুচি , লেটাই শলা. , শালি , শাল, , হাকোটা শলা , হাত বাঢ়লী , হাত মাৰি , হাত শলি আদি
ঢোলৰ প্ৰকাৰ
বিহু ঢোল বা পাতি ঢোল আৰু ওজা ঢোল
বিহু নৃত্য আৰু গীতৰ লগত সংগত কৰা সৰু আকৃতিৰ ঢোল।
গ্রাম আৰু খাম
তিৱা সকলে ব্যৱহাৰ কৰা ঢোলৰ নাম হ'ল গ্রাম আনহাতে বড়ো আৰু ৰাভাসকলে বজোৱা দীঘলীয়া আকৃতিৰ ঢোলটোক খাম বুলি কোৱা হয়
ঢেপাঢোল
দৰং-মঙ্গলদৈৰ ডালে ঢেপাচুলীয়া অনুস্থানত ব্যৱহাৰ হোৱা এই ঢোলৰ নির্মাণ প্রণালী আদি বজোৱাৰ কৌশল সম্পূর্ণ পৃথক। দাগলিৰ দালেৰে দুতৰপীয়াকৈ যোৱা, দীঘলীয়া আকৃতিৰ এই ঢোলৰ মাজত পানী ভৰাই वाजावा হয়।
জয়ঢোল
বৃহৎ আকাৰৰ আৰু ডাঙৰ শব্দ কৰা ঢোল দেওধানী নৃত্যৰ লগত সংগত কৰা হয়। দৰং-মঙ্গলদৈৰ ফালে জয়ঢুলীয়া নামৰ অনুষ্ঠানত আৰু লগতে মননা বা মাবৈ পূজাত একক ভাবে জয়ঢোল বজোৱা হয়।
মাদল
চাহ জনগোষ্ঠীৰ লোকে ঝুমুৰ গীতৰ লগত ব্যৱহাৰ কৰা ঢোল।
বৰঢোল
ঢোল বিলাকৰ মাজত বৰঢোলেই আটাইতকৈ আকাৰত ডাঙৰ, প্ৰায় দেৰ মিটাৰ মান দৈৰ্ঘাৰ বৰঢোলৰ দুইমুৰৰ ব্যাস আধা মিটাৰৰ পৰা এক মিটাৰৰ মানলৈকে হোৱা দেখা যায়
কৱিঢোল
গোৱালপৰীয়া লোকগীতৰ লগত ব্যৱহাৰ কৰা, বহল মুখন, মাৰিৰে কোবাই বজোৱা এবিধ ঢোল।
গগনা দুই প্ৰকাৰৰ লাহৰী বা ৰূপহী গগণা গাভৰুৱে বজোঁৱা গগণা
ৰামধন গগণা ডেকাই বজোৱা বিধক কোৱা হয়
মিচিং ভাষাত গগনাক 'গুংগাং' বোলা হয়
টকা তিনি প্ৰকাৰৰ
• পাতি টকা বা হাত টকা
• বৰ টকা বা মাটি টকা
• জেং টকা বা ধুতং
সুতুলি চাৰি প্ৰকাৰৰ
বিহুৱতী সুতুলি, পক্ষী সুতুলি, পিঠা সুতুলি আৰু বাঁহ সুতুলি।
মহৰ শিঙৰ পেঁপা দুই প্ৰকাৰৰ
• গুটীয়া পেঁপা বা গোৱাল পেঁপা
• যুৰীয়া পেঁপা
বাঁহী
মিচিং, ৰাভা, বড়ো আদি সকলো জনগোষ্ঠীৰ সংগীতত বাঁহীৰ ব্যৱহাৰ হয় যদিও নির্মাণ প্রণালী তথা ব্যৱহাৰৰ বিভিন্নতা আছে গোৱালপাৰাত বজোৱা বমবাসীত এটা অতিৰিক্ত অংগ থাকে।
এই বাঁহীৰ মুৰত এটা নলেৰে তৈয়াৰী খলসা লগোৱা হয়
তাল
তালক বিভিন্ন নামেৰে জনা যায়। বড়োসকলৰ মাজত জথ্য কাৰ্বিসকলৰ মাজত চেংড আৰু মিচিংসকলৰ মাজত লুগি নামেৰে পৰিচিত। অসমৰ লোক সংস্কৃতিত ব্যৱহাৰ হোৱা তালৰ ভিন্ন প্রকাৰৰ ভিতৰত ভৰ তাল পার্টী তাল, বিহু তাল, খুটি তাল আৰু মসিবা অন্যতম। ইয়াৰ ওপৰিও বিভিন্ন তাল যেনে কবি তাল, কর তাল, মাজাৰীৰো গুৰুত্ব অপৰিসীম।
Comments
Post a Comment