Skip to main content

Posts

Showing posts with the label অংগনবাড়ী কর্মীয়ে জানিবলগীয়া কথা

World Environment Day

World Environment Day গছ  ভালপোৱা  ককাৰ  খং   By - (ড° ভবেন্দ্র নাথ শইকীয়া ) ভাল পালোঁ ৰঘুনাথ  তুমি মোক পুতেৰাৰ  বিয়ালৈ মাতিলা,  পিছে ৰভাখন  দিবলৈকে  আমলখি  গছজোপা কিয়নো কাটিলা?  আলহী-অতিথি যাব  ৰভা নাইকিয়া হ'ব  বোৱাৰীয়ে ঘৰখন দিবহি পূবাই,  পিছে কোৱাচোন ৰঘুনাথ  আমলখি গছজোপা  সহজতে পাবানে ঘুৰাই?  দৰাটিক মাতাচোন এজোলোকা আশীর্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটা বাবে লুচি-ভাজি,  ৰসগোল্লা একোকে নাখাওঁ। OBSERVATION  OF  WORLD ENVIRONMENT  DAY On this World Environment Day, let's pledge to protect and nurture our planet. Every tree we plant, every drop of water we save, helps create a greener, healthier Earth. Together, we can ensure nature’s beauty and balance for future generations . www.guwahatipedia.com

অংগনবাড়ী কর্মীয়ে জানিবলগীয়া কথা

শিশু এটি যেতিয়া প্রথম দিনা বিদ্যালয়লৈ আহে তেতিয়া তেওঁ বিদ্যালয়ৰ পৰিৱেশৰ সৈতে ঘৰৰ পৰিৱেশক তুলনা কৰে। এই দুয়োটা পৰিৱেশৰ মাজত যেতিয়া প্রভেদ দেখা পায়, তেতিয়া শিশুটিয়ে নিজক অসহায় যেন অনুভৱ কৰে আৰু প্রতিটো কাৰ্যত মুকলি মুৰীয়াকৈ যোগদান কৰাত অসুবিধা পায়। সেয়েহে শিশুৰ মনৰ পৰা এনে আহুকালৰ ভাব আঁতৰাবলৈ শিক্ষক/অংগনবাড়ী কমীয়ে তেওঁলোকৰ লগত সহজ-সৰল সম্পৰ্ক গঢ়ি তুলিব লাগিব, যাতে শিশুৱে শিক্ষক/অংগনবাড়ী কর্মীয়ে মাজতেই মাক-দেউতাকক বিচাৰি পায়।   শ্ৰেণীৰ সকলো শিশুৱে ইজনে সিজনৰ লগত চিনাকি হোৱা, কথা-বতৰা পতা আৰু পৰস্পৰৰ নাম জনা অতি প্রয়োজনীয়। শিক্ষক/অংগনবাড়ী কর্মীয়ে সকলো শিশুৰ নাম জনা অতি প্রয়োজন। কাৰণ, শিক্ষক/অংগনবাড়ী কমীয়ে নাম ধৰি মাতিলে শিশুয়ে বৰ ভাল পায় আৰু বিদ্যালয়খন নিজৰ বুলি ভাবে। নাম ধৰি মাতিলে শিশুসকলে ব্যক্তিগতভাৱে গৌৰৱ অনুভৱ কৰে। শিশুৰ বিদ্যালয়ত কোৱা ভাষা আৰু ঘৰত কোৱা ভাষা বেলেগ হ’ব পাৰে। এনে পৰিস্থিতিত শিক্ষক/অংগনবাড়ী কর্মীয়ে শিশুক প্রথমে তেওঁলোকৰ ঘৰুৱা ভাষাতে কথা-বতৰা পাতি সমনীয়াৰ লগত মিলামিছা কৰিবলৈ সুবিধা দি, লাহে লাহে মান্য ভাষা ক'বলৈ উদ্্‌গণি দিয়া উচিত