Skip to main content

Posts

Showing posts with the label folklore

World Environment Day

World Environment Day গছ  ভালপোৱা  ককাৰ  খং   By - (ড° ভবেন্দ্র নাথ শইকীয়া ) ভাল পালোঁ ৰঘুনাথ  তুমি মোক পুতেৰাৰ  বিয়ালৈ মাতিলা,  পিছে ৰভাখন  দিবলৈকে  আমলখি  গছজোপা কিয়নো কাটিলা?  আলহী-অতিথি যাব  ৰভা নাইকিয়া হ'ব  বোৱাৰীয়ে ঘৰখন দিবহি পূবাই,  পিছে কোৱাচোন ৰঘুনাথ  আমলখি গছজোপা  সহজতে পাবানে ঘুৰাই?  দৰাটিক মাতাচোন এজোলোকা আশীর্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটা বাবে লুচি-ভাজি,  ৰসগোল্লা একোকে নাখাওঁ। OBSERVATION  OF  WORLD ENVIRONMENT  DAY On this World Environment Day, let's pledge to protect and nurture our planet. Every tree we plant, every drop of water we save, helps create a greener, healthier Earth. Together, we can ensure nature’s beauty and balance for future generations . www.guwahatipedia.com

অসমীয়া লোককথাই ভৱিষ্যত প্ৰজন্মৰ বাবে সাংস্কৃতিক ঐতিহ্য বহন কৰি সংৰক্ষণ কৰি আহিছে।

উদাহৰণ স্বৰূপে - ক) বিহু উৎসৱ - বিহু অসমৰ জাতীয় উৎসৱ। অসমীয়া জাতিৰ বাপতিসাহোন, আয়ুস ৰেখা। প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি , বিহু তিনিটা। বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু। বহাগ বিহুৰ পৰাই অসমীয়া নতুন বছৰৰ আৰম্ভ হয়। গছ-গছনি পুৰণি পাত সলাই, কুঁহিপাত মেলি নতুন সাঁজ পিন্ধি প্ৰতিজন অসমীয়াক বিহু ক আদৰণি জনাবলৈ আহ্বান জনায় । প্ৰতিজন অসমীয়াই ও ঢোল পেঁপা আৰু গগনা ৰ তালে তালে নতুন সাঁজ পিন্ধি, বিহুক আদৰণি জনায়। বিহু অসমীয়া জাতি এনে এটা উৎসৱ, যিয়ে নেকি প্ৰতিজন অসমীয়াক একতাৰ দোলেৰে বান্ধি ৰাখিছে। এই উৎসৱ ৰ জৰিয়তে অসমীয়া সংস্কৃতি এটা প্রজনমৰ পৰা আন এটা প্রজনমলৈ কঢ়িয়াই আনিছে। Image source Wikipedia  খ) জোনবিল মেলা - জোনবিল মেলা এখন বজাৰ নহয় বৰং ই অসমীয়া লোক কথাৰ আত্মাক মূৰ্ত কৰি ভাবৰ আদান-প্ৰদান, বন্ধন গঢ়ি তোলা আৰু যুগ যুগ ধৰি আচাৰ অনুষ্ঠান চলোৱাৰ এক কালজয়ি মন্দলী।        অসমৰ এটা আকৰ্ষণীয় উৎসৱ হৈছে জোনবিল মেলা। মাঘ বিহুৰ পিছৰ সপ্তাহ ত এই মেলা পতা হয়। প্ৰায় পাচশ বছৰ পুৰণি এই মেলা। প্ৰবাদ মতে গোভা ৰজাই ৰানী ৰ সৈতে বিহাৰ কৰিবলৈ আহি বিলৰ সৌন্দৰ্য্য উপভোগ কৰি বিল খনৰ নাম দিলে জোনব