Skip to main content

Posts

Showing posts with the label পোষণ

World Environment Day

World Environment Day গছ  ভালপোৱা  ককাৰ  খং   By - (ড° ভবেন্দ্র নাথ শইকীয়া ) ভাল পালোঁ ৰঘুনাথ  তুমি মোক পুতেৰাৰ  বিয়ালৈ মাতিলা,  পিছে ৰভাখন  দিবলৈকে  আমলখি  গছজোপা কিয়নো কাটিলা?  আলহী-অতিথি যাব  ৰভা নাইকিয়া হ'ব  বোৱাৰীয়ে ঘৰখন দিবহি পূবাই,  পিছে কোৱাচোন ৰঘুনাথ  আমলখি গছজোপা  সহজতে পাবানে ঘুৰাই?  দৰাটিক মাতাচোন এজোলোকা আশীর্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটা বাবে লুচি-ভাজি,  ৰসগোল্লা একোকে নাখাওঁ। OBSERVATION  OF  WORLD ENVIRONMENT  DAY On this World Environment Day, let's pledge to protect and nurture our planet. Every tree we plant, every drop of water we save, helps create a greener, healthier Earth. Together, we can ensure nature’s beauty and balance for future generations . www.guwahatipedia.com

শিখা দেৱী

পোষণ  _______ আই অ' পোষণ তই আহিলি? আহিছ আহ কিন্তু গৰ্ভৱতী প্ৰসূতি, শিশু, কিশোৰী সকলো কে ভালকৈ বুজায় থৈ যা ৷ আই অ' পোষণ তোৰ এই গুনবোৰ গাই গাই  আমি যেন হৈ পৰো আপোন পাহৰা৷ কিমান যে বুজালো আইৰন , কেলচিয়াম জাতীয় আহাৰৰ কথা---- কচু,কলডিল, ঢেকীয়া, মানিমুনি, ৰঙা লাও এইবোৰ তৰকাৰী খাবা  তেহে পাবা আইৰন- ফল - মূল বোৰ খাবা ৷ ঘৰতে পোৱা কচু,কলডিল ঢেঁকীয়া, আমলখি, মধুৰি , নৰসিংহ খাবা৷ আই অ' পোষণ তই আহিছ যাতে পুষ্টিহীনতাৰ মুক্ত, নিৰোগী সমাজ এখনগঢ়ি থৈ যা--------- গাই থৈ যা তোৰ গুনগান স্মৰণীয় হৈ ৰওক তোৰ জয়গান ৷ শিখা দেৱী (অংগনবাড়ী কৰ্মী)         কেন্দ্ৰ নাম -নৱনগৰ শিৱনগৰ                        (ৰূপ নগৰ) www.guwahatipedia.com