Skip to main content

Posts

Showing posts with the label Bihu rongali bihu assam Guwahati North East

World Environment Day

World Environment Day গছ  ভালপোৱা  ককাৰ  খং   By - (ড° ভবেন্দ্র নাথ শইকীয়া ) ভাল পালোঁ ৰঘুনাথ  তুমি মোক পুতেৰাৰ  বিয়ালৈ মাতিলা,  পিছে ৰভাখন  দিবলৈকে  আমলখি  গছজোপা কিয়নো কাটিলা?  আলহী-অতিথি যাব  ৰভা নাইকিয়া হ'ব  বোৱাৰীয়ে ঘৰখন দিবহি পূবাই,  পিছে কোৱাচোন ৰঘুনাথ  আমলখি গছজোপা  সহজতে পাবানে ঘুৰাই?  দৰাটিক মাতাচোন এজোলোকা আশীর্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটা বাবে লুচি-ভাজি,  ৰসগোল্লা একোকে নাখাওঁ। OBSERVATION  OF  WORLD ENVIRONMENT  DAY On this World Environment Day, let's pledge to protect and nurture our planet. Every tree we plant, every drop of water we save, helps create a greener, healthier Earth. Together, we can ensure nature’s beauty and balance for future generations . www.guwahatipedia.com

এই বিহু আপোনাৰ বাবে আনন্দদায়ক, সমৃদ্ধ আৰু আশীৰ্বাদপ্ৰাপ্ত হওঁক!

সাত বিহুৰ নাম ঠাই অনুসৰি| • গৰু বিহু        • গৰু বিহু • মানুহ বিহু     • গোঁসাই বিহু • চেনেহী বিহু   • তাঁতৰ বিহু • মাইকী বিহু    •নাঙল বিহু • ৰঙালী বিহু    •চেনেহী বিহু • চেৰা বিহু       •চেৰা বিহু • হাতবিহু অসমীয়া মহিলা সকলে বন্ধা খোপাৰ নাম • উধনীয়া খোপা • কলডিলীয়া খোপা • ঘিলা খোপা • চকা খোপা • চেলা খোপা • চকা খোপা • তগৰ খোপা • তেঁতেলী খোপা • থিয় খোপা • নেঘেৰী খোপা • লিগিৰী খোপা গৰু বিহুৰ চাতত ব্যৱহাৰ হোৱা দ্রব্য মাখিয়তি, দীঘলতি, বৰথেকেৰা, বেঙেনা, জাতিলাও, তিয়হ গৰু বিহুৰ জাগত লগা গছ গছনি কেঁচা গোবৰ, মাখিয়তি, দীঘলতি, বগৰীৰ ডাল, সিজুগছ, ঠুঠনি বল, বল জৰা, টিকনি বৰুৱা, বিৰিণা, শোকোতা আদি.. জাপি • গৰখীয়া জাপি • পানী জাপি • বনুৱা জাপি • হালোৱা জাপি • উকা জাপি • ফুলাম জাপি • পদুমীয়া জাপি • সৰুদৈয়া জাপি • বৰজাপি • টুপি জাপি বৰহমথুৰি অসমীয়া জেতুকাৰ এক উপকৰণ ইয়াৰ পাত থুৰি চোবালে তাৰ ৰসে ওঁঠ বোলাই পেলায় অসমীয়া মানুহে বনোৱা কিছুমান পিঠা তিল পিঠা ,নাৰিকল পিঠা , ঘিলা পিঠা , বৰ সিঠা ,ফেনী পিঠা , খোলা চপৰীয়া পিঠা , জোনসিঠা , টেকেলি পিঠা , টোপোলা পিঠা ,কল পিঠা , চুঙা পিঠা ,মুঠীয়া পিঠা ,সুতুলি পিঠা,